13/08/2020
"লক্ষীপথাৰৰ টাই আহোম সমাজৰ বিষয়ে কিছু জানো আহক’’
সাম্প্ৰতিক সময়ত সমগ্ৰ অসমৰ টাই আহোম সকলৰ মাজত ভাষা-সংস্কৃতিৰ যি পুনৰ উদ্ধাৰৰ এক জোৱাৰ দেখা গৈছে,এই ক্ষেত্ৰত লক্ষীপথাৰত বাস কৰা টাই আহোম সকল ও পিছ পৰি থকা নাই। অসমৰ ইমোৰৰ পৰা সিমোৰলৈ টাই আহোম ভাষা-সংস্কৃতি তথা পৰম্পৰাৰ পুনৰ উদ্ধাৰৰ সংগ্ৰাম খনত লক্ষীপথাৰৰ টাই আহোম সকলে কি দৰে যোগ দিছে তাৰ বিষয়ে দু-আষাৰ।
টাই আহোম ভাষা-সংস্কৃতি তথা পৰম্পৰাৰ যি পুনৰ উত্থানৰ জোৱাৰ ,এই জোৱাৰ লক্ষীপথাৰৰ টাই আহোমৰ মাজতো বহু বছৰ আগতেই আৰম্ভ হৈছিল যদিও ২০১৭ চনৰ শেষৰ ফালেহে এই সংগ্ৰামে এক নতুন গতি পালে। আন ঠাইৰ টাই আহোমৰ যুৱ প্ৰজন্মৰ দৰে লক্ষীপথাৰৰ যুৱক সকলেও নিজ জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ তথা পৰম্পৰাৰ প্ৰতি অধিক আকাৰ্ষণ হ’ল আৰু ২০১৮ চনত সেই যুৱক সকলে লক্ষীপথাৰত নিজ জনগোষ্ঠীৰ পৰম্পৰাৰ ৰক্ষাৰ্থে তে তে তে লৈ টাই আহোম পৰম্পৰাক আঁকোৱালি ল’লে।এই তে তে তে অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰায় সংখ্যকেই আছিল যুৱ প্ৰজন্ম।এই দৰে লক্ষীপথাৰত আৰম্ভ হৈছিল টাই আহোমৰ ভাষা-সংস্কৃতি তথা পৰম্পৰাৰ পুনৰ উদ্ধাৰৰ এক নতুন সংগ্ৰাম। তে তে তে লোৱা সেই যুৱকসকল আৰু গাঁৱৰ কিছুমান সচেতন ব্যক্তিৰ লগত আলোচনা কৰি টাই আহোম ভাষা-সংস্কৃতিৰ কৰ্মশালা আয়োজনৰ সিদ্ধান্ত লয়, সেই মতেই Society for Tai Ahom Resurgence(STAR)ৰ সহযোগত ২০১৮ চনৰ ২১ জুলাইৰ পৰা দহ দিনীয়া কাৰ্যসূচীৰে কৰ্মশালা আৰম্ভ হয় আৰু সফলভাৱে সমাপ্তিও হয়। এই কৰ্মশালা খনত প্ৰায় দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰে। কৰ্মশালা খনেই যেন এক নতুন যুগৰ সূচনা কৰিলে। কাৰন লাহে লাহে দহ বিশ জনে ভাষাটো ক’বলৈ শিকিলে, ইজনে সিজনৰ লগত কথোপকথন কৰিবলৈ ল’লে, ভাষাটোৱে এক নতুন গতি পালে, আমিও অলপ সফল হ’লো। কৰ্মশালা খনত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলৰ কিছুৱে মিলি এটি সাংস্কৃতিক দল ও গঠন কৰা হ’ল। যাৰ নাম “মুক চুম ফিঙ ঙে টাই আহোম-লক্ষীপথাৰ”(লক্ষীপথাৰ টাই আহোম সাংস্কৃতিক দল) ৰখা হ'ল। লাহে লাহে লক্ষীপথাৰৰ এজন দুজনকৈ বহু আহোমে নিজৰ ভাষা-সংস্কৃতিৰ ৰক্ষাৰ্থে ওলাই আহিল(সকলো নহয়)। নতুন নতুন অনুষ্ঠানৰ আৰম্ভ হ’ল। বহিৰাগতৰ সংস্কৃতি এৰি নিজৰ সংস্কৃতি আকোঁৱালি ল’লে। "পয়-মাই-ক' চুম-ফাই", পয়-পি-মাউ-টাই, ফুৰালুং আদি অনুষ্ঠান উদযাপন কৰিবলৈ লোৱা হ’ল। এই দৰেই আজি তিনিটি বছৰ পাৰ হৈছে।
আশা কৰো লক্ষীপথাৰৰ তথা অসমৰ সকলো টাই আহোমে নিজক চিনি নিজৰ টাই আহোম ভাষা-সংস্কৃতিক আকোঁৱালি লৈ নিজৰ জনগোষ্ঠীটোক শক্তিশালী কৰি তুলিব। আমাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কওঁ যে, ভাষা-সংস্কৃতিৰ দ্বাৰা হে আহোম এক হ’ব পাৰিব।
# তলত বিগত বছৰবোৰৰ স্মৃতি হিচাপে কিছু ফটো আগবঢ়ালোঁ #
✍️𑜉𑜤𑜀𑜫 𑜋𑜪𑜤 𑜇𑜢𑜂𑜫 𑜂𑜦𑜧 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤