11/08/2026
সপোনবোৰ শেষ হৈ গ’ল
শূন্যৰ পৰা আৰম্ভ কৰিছিলো উদ্যোগটো৷ শূন্যৰ পৰা আহি আহি উদ্যোগ আজি ১০ বছৰ অতিক্ৰম কৰিছিল৷ আনৰ ঘৰত সামগ্ৰীৰ বিনিময়ত সামগ্ৰী নিৰ্মাণ কৰি এপদ এপদ কৈ প্ৰয়োজনীয় নিৰ্মাণ সামগ্ৰী ক্ৰয় কৰি আজি এই সময়ত উপণীত হৈছিলোহি৷
বহু আশা,সপোন বুকত বান্ধি নিজৰ লগতে ৮জনৰ পৰিয়ালত কিছু আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছিলো। সকলো স্থৱিৰ হৈ গ’ল৷
পলকতে শেষ হৈ গ’ল সকলো আশা। আজি সম্পূৰ্ণ ২০টা দিন উদ্যোগটি সম্পূৰ্ণ পানীৰ তলতেই আছে৷ কিমান দিন লাগিব পুনৰ কাম কৰিবলৈ তাৰ কোনো নিশ্চয়তা নাই৷ চিন্তিত হৈ পৰিছো পানী শুকোৱাৰ পিছতো ২/৩ মাহলৈ কাম কৰিব নোৱাৰিম উদ্যোগটি। প্ৰায়খিনি সামগ্ৰী নষ্ট হৈ গ’ল।
নিজৰ এই অৱস্থা আওকাণ কৰি বানপানীৰ সময়ত আনৰ বাবেই কাম কৰিছিলো। সামগ্ৰীখিনি কিছু ভালে ৰাখিবলৈ চৰকাৰী সাহায্যৰ নামত অহা সামান্য এখন টিউপাল খুজিছিলো। সেইখনো নাপালো৷ নিজৰ আত্মীয় মাজততে ভাগ বিতৰা হ’ল৷এইখন হ’ল আমাৰ সমাজ৷ এয়া হ’ল আমাৰ গাঁও ব্যৱস্থা।
মাননীয় বিধায়ক মহোদয়ৰ লগতে বিভাগীয় বিষয়ববীয়া সকলক কাতৰভাৱে অনুৰোধ কৰিছো, আমাৰ উদ্যোগটি পুনৰ গঢ়ি তোলাত যেন আমাক কিছু সহায় কৰে৷🙏🙏