25/02/2024
Parbatia Thakurbariৰ সম্পূৰ্ণ ইতিহাস - পৰ্বতীয়া ঠকুৰবাৰী যোৰহাট চহৰৰ পৰা পশ্চিমে প্ৰায় ৮ কিঃমিঃ নিলগৰ পৰ্বতীয়া গাওঁত অৱস্থিত
পৰ্বতীয়া ঠাকুৰবাৰী (Parbatia Thakurbari) হিন্দু ৰ্ধমৰ লোকসকলৰ উপাসনা কৰা স্থান। পৰ্বতীয়া ঠকুৰবাৰী যোৰহাট চহৰৰ পৰা পশ্চিমে প্ৰায় ৮ কিঃমিঃ নিলগৰ পৰ্বতীয়া গাওঁত অৱস্থিত। বছৰ বছৰ ধৰি বৃটিছৰ শাসন কালতে অহা কেইঘৰ মান নুনীয়া সম্প্ৰদায়ৰ প্ৰাক্তন চাহ শ্ৰমিক সকলৰ দ্বাৰা পৰ্বতীয়া ঠকুৰবাৰী নিৰ্মাণ কাৰ্য্য সমাধা হয়।
ঠাকুৰবাৰীত সকলো দেব-দেবীৰ পূজা যেনে, গণেশ পূজা, বিষ্ণু পূজা, শিৱৰাত্ৰি, জন্মাষ্টমী, লক্ষ্মী পূজা, দুৰ্গা পূজা, হনুমান জয়ন্তী ইত্যাদি হয়। প্ৰতিদিনে পুৱা আৰু গধূলি ধূপ-ধূনাৰে ঠাকুৰবাৰী আলৌকিক হৈ থাকে। পৰ্বতীয়া ঠকুৰবাৰী প্ৰতিদিনে ওচৰ-চুবুৰীয়া আৰু দুৰ-দুৰণিৰ দৰ্শন অভিলাষী ভক্তৰে পৰিপূৰ্ণ হৈ থাকে।
স্থাপন - পূৰ্বতে চুবুৰীয়া কেইঘৰ মান লোকে একে লগে একে ঠাইতে পুজা অৰ্চনা কৰিছিল ৷ পিছলৈ তেওঁলোকে সমাজৰ সৎ তথা উন্নতিৰ আলোচনা, সভা আদি পূজা অৰ্চনা কৰা ঠাইতে কৰিবলৈ ল’লে ৷ শেষত ২০০৪ চনত সেই ভজপূৰি নুনীয়া সম্প্ৰদায়ৰ প্ৰাক্তন চাহ শ্ৰমিক সকলে এক নিজস্ব আলোচনাৰ মাজৰে বাহঁৰে সাজি এটা স্থায়ী মন্দিৰ নিৰ্মাণ কৰে আৰু পৰ্বতীয়া ঠাকুৰবাৰী নামেৰে নামাঙ্কন কৰে ৷
পৰ্বতীয়া ঠাকুৰবাৰী নিৰ্মাণত প্ৰথম উদ্যোগী ব্যক্তি সকলৰ নাম ক্ৰমান্বয়ে কাশীনাথ মহতো, জয় প্ৰকাশ মহতো, উত্তম মহতো, দক্ষিণ মহতো, শংকৰ লাল মহতো, প্ৰকাশ মহতো, শ্ৰীনাথ মহতো, ৰাজু মহতো, ভীম মহতো, পদ্মেশ্বৰ মহতো, ৰাজবংশী মহতো, বলেশ্বৰ মহতো, মনুজ মহতো, আকাশ, শ্ৰীবান, চহন, হৰিলাল, পুৰণ, দেবব্ৰত, সঞ্জীৱ, ৰাজু, ৰাজা, বিজয়, বুছী, ইন্দু, ধনতুলি আৰু বহুতো ৷
পৰ্বতীয়া ঠাকুৰবাৰী নিৰ্মাণৰ প্ৰথম সিদ্ধান্ত ঁ মোহন লাল মহতোৰ চোতালত আলোচনাৰ মাধ্যমেৰে গ্ৰহণ কৰা হয় ৷ পিছলৈ ঠাকুৰবাৰী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভেটি-মাটি ঁ মোহন লাল মহতোৰ পৰিয়ালৰ পৰা ঠাকুৰবাৰী নিৰ্মাণ কমিটিয়ে সুলভ মূল্যত ক্ৰয় কৰি ঠাকুৰবাৰী নিৰ্মাণ কাৰ্য্য সমাধা কৰে ৷ অৱশ্যে পৰ্বতীয়া ঠাকুৰবাৰী বাঁহেৰেই নিৰ্মাণ কৰা হ’ল আৰু আজিও বাঁহৰ বেৰ আৰু টিংৰ ছালিৰে গাওঁখনৰ শুভা বৃদ্ধি কৰি আছে ৷ ২০১৪ চনত পৰ্বতীয়া ঠাকুৰবাৰী নিৰ্মাণ কৰা লোকসকলে ঠাকুৰবাৰীত ভগৱান বিষ্ণুআৰু লক্ষ্মীৰ প্ৰতিমাৰ প্ৰাণ প্ৰতিষ্ঠা কৰে ৷ এই প্ৰাণ প্ৰতিষ্ঠা পৰ্বত ব্ৰহ্মপুত্ৰৰ পানী কলহত লৈ এক বৃহৎ পদ যাত্ৰা গাওঁ সমূহৰ মাজে মাজে কৰে ৷ ২০০৪ চনতে নিৰ্মিত ঈশ্বৰ উপাসনা কৰা পবিত্ৰ ঠাকুৰবাৰীলৈ বৰ্তমানৰ কাৰ্যবাহী চৰকাৰৰ চকু আজিও পৰা নাই।
সহযোগিতা আৰু বৰঙনি - যি সকল ব্যক্তিৰ প্ৰচেষ্টাত যোৰহাট চহৰৰ পশ্চিমে প্ৰায় ৮ কিঃমিঃ নিলগৰ পৰ্বতীয়া গাওঁত পৰ্বতীয়া ঠাকুৰবাৰী প্ৰাণ পায় উঠিল সেই সকল ব্যক্তি আৰ্থিক ভাবে দুৰ্বল কিন্তু কৰ্ম ক্ষেত্ৰত যথেষ্ট আগৰণুৱা ৷ সেইহে ঠাকুৰবাৰী নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ পৰ্বতীয়া গাওঁখনৰ বাহিৰেও কেইবাখনো গাওঁ, (ভাতেমৰা, সাহপুৰিয়া, চাৰিঙিয়া, পুৰণিমাটি, চকালাটিং, কৰাইখোৱা, ম’হবন্ধা) চহৰ আৰু কেইবাখনো জিলাৰ পৰাও আৰ্থিক বৰঙনি লগতে সহযোগিতাও লাভ কৰিছিল ৷ শিৱসাগৰ, ডিব্ৰুগড়, মৰাণ, তিনিচুকীয়া, গোলাঘাট, নগাঁও, তেজপুৰ ইত্যাদি জিলাৰ ৰাইজৰ সহযোগিতাও কম - বেছি পৰিমাণে পৰ্বতীয়া ঠাকুৰবাৰী নিৰ্মাণৰ ক্ষেত্ৰত পোৱা হৈছিল ৷ আজিও ইচ্ছুক ব্যক্তি তথা ঠাকুৰবাৰী দৰ্শনকৰী সকলে পৰ্বতীয়া ঠাকুৰবাৰী নিৰ্মাণৰ স্বাৰ্থত দান - বৰঙনি আগবঢ়াই থাকে ৷
আপুনি যদি আজিও যোৰহাট চহৰৰ, পৰ্বতীয়া গাওঁত অৱস্থিত পৰ্বতীয়া ঠাকুৰবাৰী দৰ্শন কৰা নাই, তেন্তে এবাৰ দৰ্শন কৰক ৷ ধন্যবাদ ৷৷