08/06/2026
স্বাস্থ্যই পৰম ধন, দেহ-মন সুস্থ সবল হৈ থাকিলেহে আমি জীৱন বাট আগুৱাই যাবলৈ সক্ষম হম, তেনে এক মহৎ উদ্দেশ্য আগত ৰাখি যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত স্বাস্থ্য সম্পৰ্কীয় সচেতনতা আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ এটি চলিত বৰ্ষৰ ৭জুন তাৰিখ, ৰবিবাৰে অনুষ্ঠিত হৈ যায়। সুকলমে অনুষ্ঠিত হৈ যোৱা এই স্বাস্থ্য পৰীক্ষা শিবিৰত বৰপেটা মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ চিকিৎসকসকলে স্বাস্থ্য পৰীক্ষা, চিকিৎসা পৰামৰ্শ আৰু আমাৰ সুস্থ জীৱনশৈলীৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
আমাৰ সমাজ জীৱনত স্বাস্থ্য সম্পৰ্কীয় সচেতনতা আৰু প্ৰাথমিক স্বাস্থ্য সেৱা যাতে সকলোৰে বাবে সুলভ হৈ থাকে, তাৰ প্ৰতি গুৰুত্ব দিয়া কালিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠানৰ এক অংশ হিচাপে চিকিৎসকৰ পৰামৰ্শ অনুসৰি বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়।
CMO Assam
District Administration, Jorhat