Axom Sahitya

Axom Sahitya Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axom Sahitya, Art, Guwahati.

অসম সাহিত্য
"শব্দৰ মেলত অনুভৱৰ ৰং..."
🖋️ ইয়াত পাব কবিতা, চুটি গল্প, সাহিত্যিক আলোচনা আৰু কিছু হৃদয়স্পৰ্শী অনুভৱ।
🌿 অসমীয়া সাহিত্যৰ সুবাস প্ৰসাৰিত কৰাই আমাৰ মূল উদ্দেশ্য।
❤️ সাহিত্য প্ৰেমীসকলক আন্তৰিক আদৰণি!

10/08/2026
তোৰ পৃথিৱীত এতিয়া নিৰ্জনতা ৰ আৱেলি বুকুৰ মাজত লুকাই ৰাখ সংগোপনে অশান্তিৰ উশাহ অথচ অহৰহ চলি থাকে হৃদয়ৰ পদূলি ত এখন শীতল...
08/08/2026

তোৰ পৃথিৱীত এতিয়া
নিৰ্জনতা ৰ আৱেলি
বুকুৰ মাজত লুকাই ৰাখ
সংগোপনে অশান্তিৰ উশাহ
অথচ অহৰহ চলি থাকে
হৃদয়ৰ পদূলি ত
এখন শীতল যুঁজ
কাৰোবাৰ বিদায়ী ত
পদশব্দ হীন চোতালত
মৌনতাৰ কিৰিলী
চকুত জ্বলি ছাই হয়
সপোনৰ ভৰ
সুখৰ পিঠিত ওলমি ৰয়
মাথো দুখৰ পোচাক
অপেক্ষা ৰ বাটত আজি
জীৱন আধৰুৱা
সময় বোৰ হে যেন
কিবা শেষ নোহোৱা

07/08/2026

কুস্তি গ্ৰহ নক্ষত্ৰ
ভাগ্য কপালৰ লিখনি
একোৱেই অৰ্থ নাই
উদাহৰণ স্বৰূপে
উজনি অসমৰ বানপানী

শুপ্ৰভাত
07/08/2026

শুপ্ৰভাত

06/08/2026

জোন টো লুকাই পৰিছে
তৰাবোৰে বিদ্ৰোপৰ হাঁহি মাৰিছে
কালিকা লগা এটা দিনত
জীৱনৰ ৰঙীন স্বপ্ন বোৰ ত
কৰাল গ্ৰাসে ভেঙুচাল কৰিলে
সীমা হীন যাতনাৰ কবলত
ককবকাই আছে মানুহ বোৰ
যেন উপহাস কৰিছে সময়ে
বাঢ়নী পানীয়ে উটুৱাই নিলে
মানুহ বোৰৰ কামিহাড়
থৈ গ'ল মাথো হুমুনিয়াহ
ভোকৰ তাৰণা নে
আত্মীয় হেৰুৱাৰ বেদনা
কিদৰে বুজায় মনক
বাচি যোৱাৰ সুখ অথবা
সৰ্বস্বান্ত হোৱাৰ যন্ত্ৰণা
বুজাব নোৱাৰা এটা অনুভৱ
বুকুত বান্ধি মাথো
জীৱ লাগে বাবে যেন
জী আছে মানুহ বোৰ

05/08/2026

বানপানী
নদী খন শান্ত আছিল
হঠাৎ হুৰমুৰ কৈ
বাঢ়ি আহিছিল পানী বোৰ
তলকিবই নোৱাৰিলে কোনেও
প্ৰকৃতিৰ ধ্বংস লিলা ৰূপ
আপোন ঘৰ বোৰ
চকুৰ পচাৰতে গিলি পেলালে পানীয়ে
অসহায় হৈ পৰিল সকলো
কান্দোনৰ বাহিৰে যে
একোৱেই নাথাকিল নিজৰ সৈতে
পশু পক্ষী ও অসহায়
কোনে গণিব মৃত্যুৰ বিভিষীকা
নিৰাপদ আশ্ৰয় বিচাৰি মাথো আৰ্তনাদ
বানপানী মানে কদৰ্য্যতা
যিয়ে ভোগে সিয়েই জানে ইয়াৰ বৰ্বৰতা
সুপ্ত নদীৰ জাগ্ৰত ৰূপত
গোটেই উজনি অসম সৰ্বস্বান্ত

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Axom Sahitya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category