Axom Sahitya

Axom Sahitya অসম সাহিত্য
"শব্দৰ মেলত অনুভৱৰ ৰং..."
🖋️ ইয়াত পাব কবিতা, সাহিত্যিক আলোচনা আৰু কিছু হৃদয়স্পৰ্শী অনুভৱ
❤️ সাহিত্য প্ৰেমীসকলক আন্তৰিক আদৰণি!

15/08/2026
আজি ৰ'দে কান্দিছে সেয়ে নামি আহিছে এজাক কিনকিনীয়া বৰষুণ পৃথিৱী খুহি লৈছে ৰ'দ ৰ দুখ মোৰ শৰীৰতো পৰিছে বৰষুণৰ টোপালৰ কণিকা...
13/08/2026

আজি ৰ'দে কান্দিছে
সেয়ে নামি আহিছে
এজাক কিনকিনীয়া বৰষুণ
পৃথিৱী খুহি লৈছে
ৰ'দ ৰ দুখ
মোৰ শৰীৰতো পৰিছে
বৰষুণৰ টোপালৰ কণিকা
কিন্তু মোৰ দুখ
ধুই নিব পৰা কৈ
বৰষুণ জাক চহকী নহয়
সেয়ে বৰষুণৰ সৈতে
মোৰ বন্ধুত্ব নহ'ল

প্ৰেম মানে জানো কেৱল প্ৰাপ্তি প্ৰেম বিৰহৰো এটা অংশ হ'ব পাৰে সেই বিৰহ যন্ত্ৰণা সহিও মৌন হৈ থাকিব পৰাটো ও প্ৰেম
12/08/2026

প্ৰেম মানে জানো কেৱল প্ৰাপ্তি
প্ৰেম বিৰহৰো এটা অংশ হ'ব পাৰে
সেই বিৰহ যন্ত্ৰণা সহিও
মৌন হৈ থাকিব পৰাটো ও প্ৰেম

শাওন ৰ পথাৰত খেতিয়কৰ আশা বোৰ সেউজীয়া হৈ পৰে
11/08/2026

শাওন ৰ পথাৰত
খেতিয়কৰ আশা বোৰ
সেউজীয়া হৈ পৰে

তোৰ পৃথিৱীত এতিয়া নিৰ্জনতা ৰ আৱেলি বুকুৰ মাজত লুকাই ৰাখ সংগোপনে অশান্তিৰ উশাহ অথচ অহৰহ চলি থাকে হৃদয়ৰ পদূলি ত এখন শীতল...
08/08/2026

তোৰ পৃথিৱীত এতিয়া
নিৰ্জনতা ৰ আৱেলি
বুকুৰ মাজত লুকাই ৰাখ
সংগোপনে অশান্তিৰ উশাহ
অথচ অহৰহ চলি থাকে
হৃদয়ৰ পদূলি ত
এখন শীতল যুঁজ
কাৰোবাৰ বিদায়ী ত
পদশব্দ হীন চোতালত
মৌনতাৰ কিৰিলী
চকুত জ্বলি ছাই হয়
সপোনৰ ভৰ
সুখৰ পিঠিত ওলমি ৰয়
মাথো দুখৰ পোচাক
অপেক্ষা ৰ বাটত আজি
জীৱন আধৰুৱা
সময় বোৰ হে যেন
কিবা শেষ নোহোৱা

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Axom Sahitya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category